Загрузка...

জুবিন জুবিনেই! ZUBEEN GARG NEWS| RONGALI 2025| LIVE| ROI ROI BINALE

জুবিন ভাগৰা নাই, জুবিন হেৰুৱা নাই। জুবিন জুবিনেই। সেই একেই কণ্ঠ, সেই একেই উন্মাদনা। দুদিন আগলৈকে সকলোৰে মনলৈ এটা কথা আহিছিল। শেষ হৈ গ’ল নেকি জুবিন গাৰ্গ? এটা সম্পদ অসমবাসীয়ে হেৰোৱালে নেকি? কিন্তু নহয়। জুবিনে প্ৰমাণ কৰিলে সেয়া ভুল। এতিয়াও আৰু বহু সৃষ্টি বাকী জুবিনৰ মাজত। খানাপাৰাৰ ‘ৰঙালী’ৰ অনুষ্ঠানত জুবিনক দেখা গ’ল এক অন্য ৰূপত। যেন হঠাৎ মঞ্চত ৯০ দশকৰ জুবিনজন। ভাগৰৰ চিন নাই জুবিনৰ মুখত। কী-বৰ্ডত আঙুলি বুলাই জুবিনৰ কণ্ঠৰে নিগৰিল ‘মায়াবিনী’। লগে লগে হৰ্ষোল্লাস। ঐ জুবিন দা, ঐ জুবিন দা……..আচলতে সকলোৱে ৰঙালীৰ মঞ্চত বিচাৰি পালে অসমবাসীয়ে চাব বিচৰা জুবিনক। গাই গ’ল এটা পিছত আন এটা জনপ্ৰিয় গীত। কিন্তু দুদিন পূৰ্বে সেইখন ৰঙালীৰ মঞ্চতে গীত গাব পৰা নাছিল একেজন জুবিন গাৰ্গেই। ভাইৰেল হৈছিল এক ভিডিঅ’। য’ত এক পৃথক ৰূপত দেখা গৈছিল জুবিন গাৰ্গক। সুৰাৰ ৰাগিত মাতাল হৈ খোজ কাঢ়িব নোৱাৰা অৱস্থাত আহিছিল জুবিন। হতাশ হৈছিল দৰ্শক, জুবিন অনুৰাগী, সমগ্ৰ অসমবাসী। ছ’চিয়েল মিডিয়াত উঠিছিল সমালোচনাৰ জোৱাৰ। বেছি সংখ্যক লোকেই লিখিছিল জুবিন শেষ। এয়া পতনৰ আৰম্ভণি। মানুহে ভয় খাইছিল এনেকৈেয় চকুৰ আগতে শেষ হৈ যাব নেকি এই প্ৰতিভা? কিন্তু নহয়। জুবিনে উত্তৰ দিলে ‘মই ভাগৰা নাই, জীৱন হেৰোৱা নাই’। ৰঙালীৰ মঞ্চৰ পৰাই জুবিনে বুজাই দিলে ‘শেষ বুলিলেইতো শেষ নহয়, আকৌ আৰম্ভ হয় কিন্তু শেষ নহয়।’ৰঙালীৰ মঞ্চত জুবিনৰ নতুন পৰিচয় ‘ৰাউল’। নতুন ছবি ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰথমখন পোষ্টাৰ মুকলি কৰিলে জুবিনে। ক’লে ‘যোৱা দুমাহ ধৰি অন্ধ হৈ ফুৰিছো। মোৰ আগৰ পৰিচয়টো নাই এতিয়া।’ ৰৈ ৰৈ বিনালে নামৰ ছবিখনৰ শ্বুটিং প্ৰায় সম্পূৰ্ণ হৈছে জুবিনৰ। এখন সম্পূৰ্ণ মিউজিকেল চিনেমা ‘ৰৈ ৰৈ বিনালে’। হয়, সকলোৱে চাব বিচাৰে এইজন জুবিন গাৰ্গক। হাজাৰ হাজাৰ অনুৰাগীৰ নয়নৰ মণি জুবিনৰ নতুন ৰূপক দেখি উৎফুল্লিত হৈ পৰিল অনুৰাগীসকল। এখন ছেলফি উঠিবলৈ লাগিল হেতাওপৰা। হাজাৰ বিতৰ্কই টলাব নোৱাৰা এইজন জুবিনে এইদৰেই কৰি যাওক সৃষ্টি। অসমবাসীৰ আশা।
Copyright Disclaimer Under Section 107 states that under certain conditions, unauthorized use of copyrighted material is allowed as ‘fair use.’ This applies to purposes like education, research, scholarship, criticism, news reporting, commentary, and teaching.

TAGS

AssameseNews, AssamNewsUpdates, NewsInAssam, AssamCurrentAffairs, NorthEastIndiaNews, LocalNewsAssam, AssameseCultureNews, assamese news, assamese news live, assamese news today, assamese news live today, assamese news live today dy365, assamese news channel, assamese news 18, assamese news 2024, assamese news today dy365, assamese newspaper, dy365 , assamese news live, assamese news sumi borah, breaking news, pratidin time.

Видео জুবিন জুবিনেই! ZUBEEN GARG NEWS| RONGALI 2025| LIVE| ROI ROI BINALE канала Monjit Gogoi News
Страницу в закладки Мои закладки
Все заметки Новая заметка Страницу в заметки